The Book Distribution ceremony of Jan Briddhi Foundation featured in NiyomiyaBarta

বজালী জিলাৰ JAN BRIDDHI FOUNDATION নামৰ এটা বেচৰকাৰী সংস্থাই শেহতীয়াকৈ প্ৰব্ৰজন কেন্দ্ৰত বসবাস কৰা শিশুসকলক মৌলিক শিক্ষা প্ৰদানৰ বাবে এক গ্ৰন্থ বিতৰণৰ (Book Distribution) কাৰ্যসূচীৰ আয়োজন কৰিছে। এন জি অ’টিয়ে আয়োজন কৰা এই অনুষ্ঠানৰ লক্ষ্য আছিল অঞ্চলটোৰ মুঠ ৬টা প্ৰব্ৰজন কেন্দ্ৰৰ

বজালী জিলাৰ JAN BRIDDHI FOUNDATION নামৰ এটা বেচৰকাৰী সংস্থাই শেহতীয়াকৈ প্ৰব্ৰজন কেন্দ্ৰত বসবাস কৰা শিশুসকলক মৌলিক শিক্ষা প্ৰদানৰ বাবে এক গ্ৰন্থ বিতৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিছে। এন জি অ’টিয়ে আয়োজন কৰা এই অনুষ্ঠানৰ লক্ষ্য আছিল অঞ্চলটোৰ মুঠ ৬টা প্ৰব্ৰজন কেন্দ্ৰৰ কেন্দ্ৰ মুৰব্বীসকলক কিতাপ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা। এন জি অ’টোৰ কাৰ্যকৰ্তাসকলে ব্যক্ত কৰা অনুসৰি অঞ্চলটোৰ ইটা উদ্যোগসমূহ বছৰটোৰ মাত্ৰ ছমাহহে চলি থাকে, যাৰ ফলত বছৰটোৰ বাকী সময়খিনি পৰিয়ালবোৰৰ কোনো কাম নাথাকে। ইটা কাৰখানাত কামৰ বাবে প্ৰব্ৰজন কৰাৰ সময়ত অভিভাৱকসকলে প্ৰায়ে নিজৰ সন্তানক লগত লৈ আহিবলৈ বাধ্য হয়৷ ইয়াৰ পৰিপ্ৰেক্ষিতত শিশুসকলৰ মাজত শিক্ষাৰ অভাৱ হয় আৰু শিশু শ্ৰমিকৰ লগতে বাল্যবিবাহৰো আশংকা বৃদ্ধি পায়। এনে এক প্ৰেক্ষাপটতে এন জি অ’টোৰ এই প্ৰকল্পৰ লক্ষ্য হৈছে শিশুসকলে নিজৰ কল্পনাপ্ৰসূত জগতখনত নিজকে অন্বেষণ কৰিব পৰাকৈ এক বন্ধুত্বপূৰ্ণ পৰিৱেশ সৃষ্টি কৰা আৰু নিজৰ গাঁৱলৈ উভতি অহাৰ পিছতো তেওঁলোকে নিজৰ পঢ়া-শুনা আগবঢ়াই নিবলৈ সক্ষম কৰা। বিদ্যালয় এৰি যোৱা আৰু পঢ়াৰ বাবে কোনো কিতাপ নথকা শিশুসকলক শিক্ষা আৰু মৌলিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়েও এই প্ৰকল্পৰ জৰিয়তে সজাগতা প্ৰদান কৰা হয়। গ্ৰন্থ বিতৰণ অনুষ্ঠানৰ জৰিয়তে এই কেন্দ্ৰসমূহত বাস কৰা ২০৩ টাতকৈও অধিক শিশুক মৌলিক শিক্ষাৰ সুবিধা প্ৰদান কৰিবলৈ বেচৰকাৰী সংস্থাটোৱে সক্ষম হৈছে বুলি জানিবলৈ দি অনুষ্ঠানটো সম্ভৱ কৰি তোলাত দাতা আৰু স্বেচ্ছাসেৱকসকলৰ সহায়ৰ কথা উল্লেখ কৰি এই প্ৰকল্পই আনকো শিক্ষাৰ পদক্ষেপক সমৰ্থন কৰিবলৈ উৎসাহিত কৰিব আৰু শিশুসকলক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনাক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম কৰিব বুলি বেচৰকাৰী সংস্থাটোৱে আশা কৰিছে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক শৰৎ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত ডুবিৰ অসম বৃক ইণ্ডাষ্টিৰ স্বত্বাধিকাৰী শাান্তনু কুমাৰ দাস সহযোগ কৰাৰ লগতে এনজিওটোৰ এনে কাৰ্যৰ শলাগ লয়।এন জি অ’টোৱে এই শিশুসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু অনাগত দিনতো অঞ্চলটোত নিজৰ কাম অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷

Leave a Comment

Your email address will not be published. Required fields are marked *